56
সন্মানীয় দেশবাসী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বই অভাৱনীয় সংকটৰ সন্মুখীন হৈছে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধতকৈয়ো অধিক দেশ এই সংকটৰ ফলত প্ৰভাৱান্বিত হৈছে। অহা এসপ্তাহলৈ সম্ভৱপৰ সকলো কাম ঘৰৰ পৰা কৰিবলৈ আহ্বান জনাইছো।
আমাৰ পৰিয়ালত যিসকল বয়োজ্যেষ্ঠ লোক আছে, বিশেষকৈ ৬০ বছৰৰ ওপৰৰ লোকসকল ঘৰৰ পৰা বাহিৰলৈ আৰু এসপ্তাহ ওলাব নালাগে। আজিৰ প্ৰজন্মই পুৰণি দিনৰ বহু কথা হয়তো নাজানে। মই যেতিয়া সৰু আছিলো তেতিয়া ৰাতি গাঁৱে গাঁৱে ব্লেকআউট হৈছিল।