বোকাজানঃ সমগ্ৰ বিশ্বজুৰি দিনক দিনে অধিক প্ৰসাৰ লাভ কৰিবলৈ ধৰা কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বিশেষ সতৰ্কতাৰ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ সময়তে কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰাও কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ জিলা দণ্ডাধীশ মুকুল কুমাৰ শইকীয়াই এক নিৰ্দেশনাযোগে জাৰি কৰিছে কেতবোৰ সতৰ্কতা৷ 

এই অনুযায়ী কাৰ্বি আংলং জিলাৰ যিকোনো হোটেল, ৰেষ্টোৰা আদিত কৰ'না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ থকা ঠাইৰ পৰা অহা কোনো লোক উপস্থিত হ’লে লগে লগে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জনাবলৈ নিৰ্দেশ দিয়া হৈছে৷  জিলাখনৰ বিবাহ ভৱন, নাট্য মন্দিৰ আদি স্থানত কোনোধৰণৰ ৰাজহুৱা সমাগমৰ আয়োজন নিষিদ্ধ কৰা হৈছে যদিও বিশেষ কাৰণত এনে ভৱন ব্যৱহাৰ কৰিবলগীয়া হলেও সংশ্লিষ্ট পক্ষক জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে৷ 

জিলাখনত থকা নগৰ এলেকা সমূহ বিশেষকৈ ডিফু, হাওৰাঘাট, বোকাজান ডকমকা আদি স্থানত দৈনিক আৰু সাপ্তাহিক বজাৰৰ শাক-পাচলি, মাছ আৰু মাংসৰ বজাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰো নিৰ্দেশ জাৰি কৰিছে দণ্ডাধীশগৰাকীয়ে৷ জিলাখনৰ দৈনিক বজাৰসমূহৰ নিষ্কাশনৰ ক্ষেত্ৰত পৌৰসভাসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে৷ 

মোবাইল ফাষ্টফুডৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, ৰেল ষ্টেশ্যনত সতৰ্কতা

জিলাখনৰ পথৰ দাঁতিত থকা মোবাইল ফাষ্ট ফুডৰ দোকানসমূহ পৰৱৰ্তী নিৰ্দেশনা লাভ নকৰা পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ আন এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনত মিউজিয়াম, ক'চিং চেণ্টাৰ, পুথিভৰাল, বিউটি পাৰ্লাৰ, চেলুন আদি পৰৱৰ্তী নিৰ্দেশনা নহালৈকে তৎকালীন ভাবে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ ইফালে, পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ৰেল ষ্টেশ্যনতো সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে৷ ডিফু ৰেল ষ্টেচনত নমা ৰেলযাত্ৰীসকলক স্বাস্থ্য বিভাগৰ কৰ্মীয়ে বিশেষ পৰীক্ষা কৰাও পৰিলক্ষিত হৈছে৷