কাণপুৰঃ বৃষ্টিৰ বয়স ২৫ বছৰ। ঘৰ অসমত। নিচাও মডেলিং, পেছাও মডেলিং। কিছু বছৰ পূৰ্বে মিছ আছাম খিতাপো দখল কৰিবলৈ সমৰ্থ হৈছিল তেওঁ। এখন ৱাটাৰ পাৰ্কত হ’বলগীয়া এক অনুষ্ঠানত ভাগ ল’বৰ বাবে উত্তৰ প্ৰদেশৰ কাণপুৰত ভৰি থৈছিল যোৱা ১৩ মাৰ্চত। অনুষ্ঠানটো আছিল ১৫ মাৰ্চত। বাতৰি অনুযায়ী অনুষ্ঠানৰ পিছত এটা নামী-দামী ক্লাবৰ মেনেজাৰৰ ধৰ্ষণৰ বলি হয় অসমৰ পৰা গৈ কাণপুৰত ভৰি থোৱা মডেলগৰাকী। 

স্থানীয় আৰক্ষী সূত্ৰই জনোৱা মতে মডেলগৰাকীক এটা বাংলোলৈ লৈ যোৱা হৈছিল আৰু তাতেই নিজৰ ৫জন বন্ধুৰ সৈতে মিলি দলৱদ্ধ ধৰ্ষণ কৰিছিল মেনেজাৰজনে। বাংলোৰ এটা কোঠাত আৱদ্ধ কৰি ৰখা হৈছিল বৃষ্টিক। কোনোমতে কোঠাৰ পৰা ওলাই বৃষ্টিয়ে সহায়ৰ বাবে চিঞৰ-বাখৰ কৰাত ওচৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক অৱগত কৰে।  

আৰক্ষীয়ে এতিয়ালৈ কি কৰিছে?

India Todayত প্ৰকাশিত বাতৰি মতে, মুখ্য অভিযুক্ত নামী-দামী ক্লাবৰ মেনেজাৰ অমিত আগৰৱালা বৰ্তমান পলাতক অৱস্থাত আছে। কাণপুৰৰ গোৱালটলি আৰক্ষীয়ে বৃষ্টিৰ অভিযোগৰ ভিত্তিত অমিতৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছে। আনহাতে বাকী ৫জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰা (মহিলাৰ ওপৰত মাৰপিট, নিৰ্যাতনকাৰীক সংগ দিয়া তথা অন্যান্য নিৰ্যাতন) অনুযায়ী  গোচৰ ৰুজু কৰা হৈছে। 

ইয়াৰে তিনিজনক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে আৰু বাকী দুজন মুখ্য অভিযুক্তৰ অমিতৰ দৰেকৈ পলাতক হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বাংলোটোৰ মালিক সমীৰ আগৰাৱালাকো আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।  

'তিনিজন লোক সক্ষম চাহু, সমীৰ আৰু তেওঁলোকৰ অধিবক্ত বন্ধু এজনক কৰায়ত্ত কৰা হৈছে। মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অভিযোগ অনুযায়ী আমি তদন্ত আৰম্ভ কৰিছো। মডেলগৰাকীক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছিল সক্ষমে। এই সক্ষমজনেই আছিল আয়োজক। ১৩ মাৰ্চত মডেলগৰাকী কাণপুৰলৈ আহিছিল। ইতিমধ্যে অভিযোগকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। আমি অমিত আৰু বাকীকেইজন অভিযুক্তক ধৰিবলৈ সন্ধান অব্যাহত ৰাখিছো।’-এইদৰে জনাইছে স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়াই।

আৰক্ষী বিষয়াগৰাকীয়ে আৰু জনোৱা মতে ঘটনা সংঘটিত হোৱাৰ দিনা বাংলোৰ বাহিৰত দুখন SUV ৰখোৱা আছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অনুষ্ঠানটোৰ চিচিটিভি ফুটেজ আৰু ইয়াৰ সৈতে জড়িতসকলৰ ফোন কলসমূহো চেকিং কৰাৰ ব্যৱস্থা কৰিছে।

ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ

ভুক্তভোগী মডেলগৰাকীক সংবাদ মাধ্যমৰ মুখামুখি হোৱাত আৰক্ষীয়ে বাধা আৰোপ কৰাৰো অভিযোগ উত্থাপিত হৈছে। India Todayৰ বাতৰিটোত আৰু কোৱা হৈছে  প্ৰথম অৱস্থাত সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাইছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে। কিন্তু বিষয়টো স্থানীয় সংবাদ মাধ্যম আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাত গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় আৰক্ষী।

(গোপনীয়তাৰ ৰক্ষাৰ বাবে বাতৰিটোত ভুক্তভোগী অসমৰ মডেলগৰাকীৰ নাম সলনি কৰা হৈছে।)