বেইজিংঃ কৰ’না ভাইৰাছৰ আতংকই চীনৰ লগতে আতংকিত কৰি তুলিছে সমগ্ৰ বিশ্ববাসীকে। চুবুৰীয়া দেশখনত ভাইৰাছবিধৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে। শেহতীয়া বাতৰি অনুযায়ী সোমবাৰে উক্ত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা লোকৰ সংখ্যা ৩৬১ জনলৈ বৃদ্ধি হৈছে।

এই ভাইৰাছে ইতিমধ্যে চীনৰ কাষৰীয়া দেশসমূহলৈ বিয়পি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠাৰ পৰিপ্ৰেক্ষিতত উক্ত দেশসমূহৰ সৈতে যোগাযোগ সীমিত কৰাৰ বাবে চীনৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। চীনৰ হোৱেই জিলাত এই ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈ হোৱেই জিলাতে আক্ৰান্ত লোকৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাও সৰ্বাধিক।

স্বাস্থ্যজনিত সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আক্ৰান্ত স্থানৰ লোকসকলক অন্য স্থানলৈ যোৱাত বাধা আৰোপ কৰা হৈছে। যিহেতু বায়ুত এই ভাইৰাছবিধৰ অৱস্থিতি থকাৰ কথা ধাৰণা কৰা হৈছে সেইবাবে আক্ৰান্ত ঠাইসমূহৰ চৌপাশৰ অঞ্চলবাসীক কিছুদিন ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ লগতে মাস্ক ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে বিশেষজ্ঞ চিকিৎসকৰ দলে। চিকিৎসকৰ লগতে আক্ৰান্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে সেনা নিয়োগ কৰা হৈছে।

ইফালে, এই মহামাৰীৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে চীনৰ ব্যৱসায়-বাণিজ্যতো। অৰ্থনীতি অৱনমিত হোৱালৈ চাই কেন্দ্ৰীয় বেংকৰ পৰা ১.২ ট্ৰিলিয়ন য়ুৱান মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চীনা চৰকাৰে।

এতিয়ালৈ দেশখনত ১৭ হাজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে প্ৰায় ২৪খন দেশলৈ সংক্ৰমিত হৈছে এই ভাইৰাছ। ইটালী, জাৰ্মানী, জাপান, আমেৰিকা, উত্তৰ কোৰিয়া আদি দেশতো এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। এক যুটীয়া বৈঠকত জাৰ্মানীৰ প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। ভাইৰাছবিধ নিঃশেষ কৰাৰ বাবে যুটীয়াভাৱে পৰিকল্পনা কৰা হ'ব বুলিও সদৰী কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাইৰাছবিধে ভাৰতকো শংকিত কৰি তুলিছে। কেৰালাত ইতিমধ্যে কেবাজনো লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। চীনত থকা ভাৰতীয়সকলকো দেশখনৰ পৰা ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিদেশ মন্ত্ৰণালয়ে। আনহাতে সোমবাৰে ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ে কৰ’না সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। এটি হেল্পলাইন নম্বৰ আৰু ই-মেইলো মুকলি কৰিছে চৰকাৰে। কৰ’না সম্পৰ্কীয় তথ্য তথা সহায়তাৰ বাবে 91-11-23978046 নম্বৰ অথবা ncov2019@gmail.com ই-মেইলযোগে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰণালয়ে।