ধেমাজিঃ ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি জিলাখনৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ লগতে চৰকাৰী ধন আত্মস্যাৎ কৰি দুৰ্নীতিত লিপ্ত হোৱা সকলৰ বিৰুদ্ধে মাত মাতি আহিছে।
আজি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চিলাপথাৰ টাউন কমিটিৰ অন্তৰ্গত কল্যাণ কেন্দ্ৰত টুৰিষ্ট লজ বিল্ডিংটো আধাৰুৱাকৈ নিৰ্মাণ কৰি চৰকাৰী ধন আত্মস্যাৎ কৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বিজু কোম্বাঙৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ ধেমাজি উপায়ুক্তক স্মাৰক পত্ৰ জড়িয়তে দাবী উত্থাপন কৰে।