ঢেকীয়াজুলিঃ ’৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ মনবৰ নাথৰ কৰ্মভূমি, ভাষা আন্দোলনৰ ছহিদ ৰূপক নাথ আৰু অসম আন্দোলনৰ কেইবাগৰাকী ছহিদৰ জন্মস্থান বৰছলা সমষ্টিৰ অন্তৰ্গত আদৰ্শ ছহিদ গাঁও হিচাপে খ্যাত জহামাৰীত ছহিদ আৰু মুক্তিযুদ্ধাৰ সোঁৱৰণত নিৰ্মান কৰা এখন তোৰণক কেন্দ্ৰ কৰি গাঁওবাসীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইতিমধ্যে নিৰ্মান কাৰ্য চলি থকাএই তোৰণখনক লৈ মুঠেও সন্তুষ্ট নহয় গাঁওবাসী৷
ইতিমধ্যে তোৰণ নিৰ্মানৰ ক্ষেত্ৰত বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৱে গ্ৰহণ কৰা স্থিতিত অসন্তুষ্ট হৈ একাংশ দলীয় কৰ্মী তথা তোৰণ নিৰ্মান সমিতিৰ সদস্যই অনিয়মৰ অভিযোগ আনি শোণিতপুৰ জিলা উপায়ুক্ত আৰু বিহগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক পৃথকে পৃথকে অভিযোগ পত্ৰ দাখিল কৰি ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে৷ বিজেপি দলৰ তিনিগৰাকীকৈ কৰ্মী তথা তোৰণ নিৰ্মান সমিতিৰ সদস্যই বিধায়ক গণেশ লিম্বুৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ লিখিত ভাবে দিয়া পত্ৰখনত এই বুলি উল্লেখ কৰিছে যে তেওঁলোকক অন্ধকাৰত ৰাখি লিম্বুৱে নিজৰ পচন্দৰ লোকক নিয়োগ কৰি বিহগুৰি উন্নয়ন খণ্ডৰ এগৰাকী অভিযন্তাৰ জৰিয়তে মইমতালিৰে তোৰণ নিৰ্মানত নামি পৰিছে৷