গুৱাহাটীঃ নীৰ নিৰ্মল পৰিযোজনা আঁচনিৰ অধীনত অসম চৰকাৰৰ কাৰিকৰী বিভাগৰদ্বাৰা বহু কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ পানী যোগান অনিয়ম আৰু কেলেংকাৰী পোহৰলৈ আনিছে দুৰ্নীতি বিৰোধী, মানৱ অধিকাৰ সুৰক্ষা মঞ্চই।
কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত ডিমৰীয়া আৰু চন্দ্ৰপুৰ উন্নয়ন খণ্ডৰ অধীনত বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিব লোৱা এই দুটা যোগান প্ৰকল্পত একাংশ বৰমুৰীয়া আমোলা, ইঞ্জিনীয়াৰে ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ সৈতে মিলি অতি উচ্চ হাৰত নিৰ্দ্ধাৰণ কৰি অতি কৌশলেৰে ধন আত্মসাৎ কৰাৰ আঁচনি তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মানৱ অধিকাৰ সুৰক্ষা মঞ্চই৷