53
গুৱাহাটীঃ অৱশেষত নিজ নিজ ঘৰ পালেহি কটনৰ নিখোজ তিনি ছাত্ৰই৷ বৃহস্পতিবাৰৰ পৰা হঠাৎ নিখোজ হৈ পৰা মেধাৱী ছাত্ৰ কেইজনে হাওৰাৰ পৰা ৰেলেৰে আহি আজি গুৱাহাটীত উপস্থিত হয়৷
পৰীক্ষাত উৰ্ত্তীৰ্ণ হ’ব নোৱাৰি পৰিয়ালৰ লোকৰ সৈতে মুখামুখি হ’বলৈ ভয় কৰি ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ পাৰ্থ প্ৰতিম, তন্ম. কাথাৰ আৰু ৱাহেদুৰ ৰহমানে ঘৰ এৰি ৰেলযোগে হাওৰা অভিমুখে ৰাওনা হৈছিল ৷