65
গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান জনোৱাৰ পিছতে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলো পোনপটীয়াকৈ উক্ত আন্দোলনত জপিয়াই পৰিবলৈ যো-জা চলোৱাৰ ইংগিত পোৱা গৈছে। এই ক্ষেত্ৰত আগভাগ লৈছে কটন বিশ্ববিদ্যালয়ে।
মঙলবাৰে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছতে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।