গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত গৃহীত হোৱাৰ পিছতে মঙলবাৰে দলত্যাগ কৰে বিজেপিৰ দুজনকৈ জ্যেষ্ঠ নেতাই। আছুৱে আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ মাজতে দলত্যাগ কৰা বিজেপিৰ দুই নেতা হৈছে মেহদী আলম বৰা আৰু অনুপম বৰুৱা।
বিজেপিৰ মুখপাত্ৰৰ দায়িত্বত থকা মেহদী আলম বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰাৰ বাবেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে। বিজেপি ত্যাগ কৰা আনজন নেতা অনুপম বৰুৱা হৈছে শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি।