newsnextone.com | নগাঁওঃ অসম কন্যা হিমা দাসে অনূৰ্ধ্ব ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰাৰ পিছতে টুইটাৰত বিস্ফোৰণ ঘটিছে৷ দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ক্ৰিকেটৰ তাৰকা, বলিউডৰ তাৰকা, কেন্দ্ৰীয় মন্ত্ৰীয়ে টুইটাৰত শুভেচ্ছা যাচে হিমাক৷ অসম কন্যা হিমা দাসৰ বাবে যেন টুইটাৰট বিস্ফোৰণ হে ঘটিছে৷ দেশ বিদেশৰ হাজাৰ হাজাৰ লোকে ছ’চিয়েল মিডিয়া যোগে শুভেচ্ছা যাচে হিমাক। এয়া এক সমগ্ৰ জাতিৰ বাবে এক গৌৰৱৰ ক্ষণ হৈ ৰ’ব৷ 

বৃহস্পতিবাৰে ২০ বিশ্ব মিটত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰে হিমাই৷ যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল৷ মধ্য অসমৰ নগাঁৱৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ এ এফ ছেম্পিয়নশ্বিপৰ ৪০০ মিটাৰত হিমাই ৫১.৪৬ ছেকেণ্ডত সমাপ্ত কৰি এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ 

তাৰ পিছতে টুইটাৰত মহা বিস্ফোৰণ ঘটে....