ডিব্ৰুগড়ঃ গৰুৰ যেন ভাগ্য হে ঘুৰিছে৷ দেশত গৰুক লৈ ৰাজনীতি চলে৷ গৰুক লৈ দেশত নানা তৰহৰ কথা৷ আমাৰ ৰাজ্যত গৰুক আদৰ কৰা মানুহৰ সংখ্যাও কম নহ’য়৷ গৰুক আদৰ-মৰম পুৰ্বৰ পৰাই কৰি আহিছে অসমীয়া সমাজে৷ গৰুক আদৰ-মৰমৰ কৰা হয় যদিও প্ৰভূ ভক্ত কুকৰৰ হে মালিকৰ গাড়ীত উঠাৰ সোভাগ্য হয়৷ বিলাসী গাড়ীত মুৰ উলিয়াই জিভা দেখুৱাই আৰামত ভ্ৰমণ কৰে পোহনীয়া কুকুৰে৷
কিন্তু এইবাৰ বিলাসী গাড়ীত উঠাৰ সোভাগ্য হ’ল গৰুৰ৷ হয়, বিলাসী গাড়ীত উঠিছে গৰুৱে৷ এটা নহয় দুটাকৈ গৰু উঠিল ইণ্ডিকা গাড়ীত৷ ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত নাদুৱা চাইডিঙত নিশা প্ৰায় ১০.৩০ বজাত চুৰি গৰু সহ এখন ইণ্ডিকা জব্দ কৰিবলৈ সক্ষম হয় ডিকম আৰক্ষী। চাবুৱা অঞ্চলত গৰু চোৰে দপদপাই ফুৰাৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চুৰি গৰু সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে দুটাকৈ গৰু সহ জব্দ কৰিবলৈ সক্ষম হয় এখন ইণ্ডিকা৷