58
ডিজিটেল ডেস্কঃ মহিলাসকলৰ পিৰিয়ড চলি থকা অৱস্থাত একাষৰীয়াকৈ ৰাখিলে এতিয়াৰে পৰা জেইল আৰু জৰিমনা দুয়োটাই হ’ব পাৰে নেপালত। বুধবাৰে নেপালৰ সংসদত এই আইন গৃহীত হয়।
নেপালত এতিয়াও এনে অনেক সম্প্ৰদায় আছে যিসকলে পিৰিয়ডৰ সময়ত মহিলাসকলক অপৱিত্ৰ আখ্যা দি পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ থাকিবলৈ বাধ্য কৰায়। এই কু-ব্যৱস্থাৰ অৱসান ঘটাবলৈকে এই নতুন আইন প্ৰণয়ন কৰিছে নেপালে।