newsnextone.com | ডিজিটেল ডেস্কঃ ফুটবলৰ জীৱন্ত কিংবদন্তী ক্ৰিষ্টিয়ানো ৰোনাল্ডো৷ যাৰ ভৰিৰ যাদুৱে সমগ্ৰ বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমীক মোহাচন্ন কৰি ৰাখে৷ কিন্তু শেহতীয়াকৈ ৰোনাল্ডোৰ অনুৰাগীসকলৰ বাবে এটা দুখবৰ প্ৰকাশ পাইছে৷ আগন্তক দুটা বছৰলৈ হয়তো ফুটবল তাৰকাজনক নেদেখিব পাৰে ফুটবলৰ পথাৰত৷

কৰ ফাঁকিৰ অভিযোগত ৰিয়েল মাড্ৰিড ফৰ’ৱাৰ্ড ক্ৰিষ্টিয়ানো ৰোনাল্ডোক আদালতে দুবছৰৰ কাৰাদণ্ড বিহিছে৷ তদুপৰি কৰ ফাঁকিৰ অভিযোগত তাৰকাগৰাকীয়ে ২১.৮ মিলিয়ন ডলাৰ আৰ্থিক জৰিমণাও ভূগিব লাগিব৷ এয়া ভাৰতীয় মূল্যত ১৫০ কোটিতকৈও অধিক হ’ব৷

৩৩ বৰ্ষীয় ফুটবল তাৰকাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ ১৭ মিলিয়ন ডলাৰ কৰ ফাঁকি দিছে৷ ইফালে এই অভিযোগ পোনচাটেই অস্বীকাৰ কৰে ৰোনাল্ডোই৷

অৱশ্যে ৰোনাল্ডোৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধৰ ৰেকৰ্ড নথকাত তাৰকাগৰাকীয়ে কাৰাবাস খাটিব লগা নহবও পাৰে বুলি প্ৰকাশ পাইছে৷ জানিব পৰা মতে, স্পেনিছ স্পৰ্ট অথৰিটিৰ সৈতে তাৰকাগৰাকীৰ অধিবক্তাই এই সন্দৰ্ভত আলোচনা কৰিছে৷ 

তাৰকা গৰাকীৰ কেৰিয়াৰৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্টছ অথৰিটিয়ে তেওঁৰ কাৰাৱাসৰ শাস্তি উভটাই লোৱাৰ আবেদন জনাব বুলি জানিব পৰা গৈছে৷ আনহাতে, জৰিমণাৰ ১৮.৮ মিলিয়ন ইউৰো প্ৰদান কৰিবলৈ সন্মত হৈছে ৰোনাল্ডো৷