তেজপুৰঃ তেও সাংস্কৃতিক বিষয়া৷ সেয়াও এতিহ্যমণ্ডিত তেজপুৰৰ এটি অনুষ্ঠানৰ৷ কিছুদন পুৰ্বে তেজপুৰৰ জ্যোতি ভাৰতীলৈ গুৱাহাটীৰ পৰা বদলি হৈ আহিছিল৷ দেখাই শুনাই সহজ-সৰল সাংস্কৃতিক কৰ্মী যেনে লাগে লোকজনক৷ পত্নী, পুত্ৰ, কন্যা গুৱাহাটীত থকাৰ লগতে তেও থকা তেজপুৰত অকলে৷
অকলে থকা সুযোগ গ্ৰহণ কৰি জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাসে প্ৰেমত পৰ এগৰাকী বিবাহিত মহিলাৰ৷ তেজপুৰৰ প্ৰেমিকাক পায় লাহে লাহে গুৱাহাটীৰ ঘৰ খনক পাহৰিব ধৰিছিল তেও৷ ঘৰ খনক খবৰ লোৱাত গাফিলতি কৰি অহাত পত্নী-পুত্ৰৰ সন্দেহ ওপজে৷ পত্নী-পুত্ৰই গোপনে উপস্থিত তেজপুৰত৷ পুত্ৰ নিৰক্ষণ কৰি তাৰ পিছতে দেওবাৰে সুযোগ বুজি পত্নী-পুত্ৰই পিতৃ তথা বিষয়াগৰাকীৰ আৱাসত উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে প্ৰেমিকাৰ সৈতে৷ লগে লগে লাগিল হুলস্থূল৷