53
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বিলোপ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ প্ৰস্তাৱ লাভ কৰা নাই৷ এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী হংসৰাজ গংগাৰাম অহিৰে৷
মঙলবাৰে লোকসভাত উত্থাপিত এক লিখিত প্ৰশ্নৰ উত্তৰত হংসৰাজে কয়, ‘চৰকাৰৰ ওচৰত বৰ্তমান সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বিলোপ কৰাকলৈ কোনো ধৰণৰ প্ৰস্তাৱ লোৱা হোৱা নাই৷’