ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছৰ নৱম দিনটো আৰম্ভ হৈছিল স্বৰ্ণ পুৱাৰে। অষ্ট্ৰেলিয়াৰ গল্ড কোষ্টত চলি থকা ২১ তম কমনৱেলথ গেমছত ভাৰতে নৱম দিনৰ পুৱাই স্বৰ্ণ লাভে কৰে। শ্বুটিঙত পুৰুষ মহিলাই দুটাকৈ সোণৰ পদক লাভ কৰাৰ লগতে এটা ৰূপৰ পদক লাভ কৰে ভাৰতে। 

মহিলা শ্বুটাৰ তেজশ্বিনী চাৱন্তে সোণৰ মেডেল, অঞ্জুম ম’ৰ্দগিলে ৰূপৰ পদক লাভ কৰাৰ লগতে ১৬ বছৰীয়া শ্বুটাৰ অনিচ ভানৱালাই পুৰুষ শাখাত লাভ কৰে সোণৰ মেডেল।

তাৰ পিছতে পুৰুষৰ মল্লযুঁজাৰু বজৰং পুনিতে ৬৫ কেজিৰ ফ্ৰি ষ্টাইলত শাখাত ভাৰতলৈ আৰু এটা স্বৰ্ণ আজুৰি আনে৷ 

ইয়াৰ লগেতে মহিলাৰ মল্লযুঁজত ভাৰতৰ মহিলা মল্লযুঁজাৰু পূজা ধাণ্ডে ব্ৰঞ্জ মেডেল লাভ কৰে৷ ৫৭ কেজিৰ ফ্ৰি ষ্টাইল শাখাত মেডেল লাভ কৰে পূজা ধাণ্ডে৷ 

পুৰুষৰ মল্লযুঁজাৰু মৌচম ক্ষেত্ৰীয়ে ৰূপৰ মেডেল লাভ কৰে৷ আগশাৰীৰ মল্লযুঁজাৰু মাৰ্টিনক হৰুৱাই ৯৭ কেজিৰ ফ্ৰি ষ্টাইল শাখাত ১২-২ত ৰূপৰ মেডেল লাভ কৰে মৌচমে৷

ভাৰতৰ মল্লযুঁজাৰু মহম্মদ হোছামুদ্দিনে ইংলেণ্ডৰ পিটাৰ ম্যেকগ্ৰিলক চেমি ফাইনেলত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে৷ ৫৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত এই মডেল লাভ কৰে মহম্মদ হোছামুদ্দিনে৷ 

মহিলা মল্লযুঁজাৰু দিব্যা কাকৰানে ব্ৰঞ্জ লাভ কৰে৷ ৬৮ কেজিৰ ফ্ৰি ষ্টাইল শাখাত এই মডেল লাভ কৰে দিব্যাই৷