ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুতি অনুসৰিয়ে কমনৱেলথ গেমছত মল্লযুঁজত পুৰুষৰ শাখাত ৰাহুল আৱাৰ-সুশীল কুমাৰে সোণ আৰু মহিলাৰ শাখাত ববিতা কুমাৰীয়ে ৰূপৰ পদক লাভ কৰে৷

দেশলৈ ভাল খবৰটো কঢ়িয়াই আনিলে মল্লযুঁজাৰু সুশীলে৷ দেশলৈ আহিল আৰু এটি স্বৰ্ণ পদক৷ এইবাৰ মল্লযুঁজাত ভাৰতলৈ আহিৰ সোণৰ পদক৷ মল্লযুঁজত সোণৰ মেডেল ভাৰতলৈ আনিলে সুশীল কুমাৰে৷ ফ্ৰি-ষ্টাইলৰ ৭৪ কেজিৰ শাখাত স্বৰ্ণ আজুৰি আনিবলৈ সক্ষম হ’ল সুশীলে। সুশীলে দক্ষিণ আফ্ৰিকাৰ ৰেচলাৰ জোহন্স বোথাক হৰুৱাই৷ প্ৰথমে ৬-০ পইন্টত খেলি আছিল যদিও অন্তিম ৮০ ছেকেণ্ডত সুশীলে ১০ পইন্ট সম্পৰ্ণ কৰি সোণ নিজৰ দখললৈ আনে সোণৰ পদক৷ 

মল্লযুঁজৰ ৫৩ কেজিৰ শাখাত ৰূপৰ পদক আজুৰি আনে ববিতা কুমাৰীয়ে। কানাডাৰ দায়েনা উইকাই সোণৰ মেডেল লাভ কৰাৰ বিপৰীয়ে ববিতাই লাভ কৰে ৰূপৰ মেডেল। 

ৰাহুল আৱাৰে সোণৰ পদক লাভ কৰে পুৰুষৰ ফ্ৰি-ষ্টাইলৰ ৫৭ কেজি শাখাত সোণৰ মেডেল লাভ কৰে৷ কানাডাৰ ৰেচলাৰক ধৰাশয়ী কৰি সোণ কঢ়িয়াই আনে ৰাহুলে৷ কানাডাৰ ষ্টেভেন টাকাচীক ৮ পইণ্টত ধৰাশয়ী কৰে ৰাহুলে৷ ইয়াৰ লগে লগে মুঠ পদক লাভ কৰিলে ২৯টা পদক লাভ কৰে৷ ১৪ স্বৰ্ণ, ৬ ৰূপ আৰু ৯ ব্ৰঞ্জৰ পদক লাভ কৰি তৃতীয় স্থানত আছে ভাৰতে৷