ডিজিটেল ডেস্কঃ ২০১০ চনত ভাৰতত অনুষ্ঠিত হৈছিল বহু ক্ৰীড়াৰ সংযোগ থকা কমনৱেলথ গেমছ৷ ভাৰতৰ লোকে আজিও পাহৰিব পাহৰি নাই বিদেশী আৰু ঘৰুৱা খেলুৱৈৰ প্ৰদৰ্শনৰ কথা৷ সময় পাৰ হৈ গ’ল৷ কমনৱেলথ গেমছ ভাৰতবৰ্ষত অনুষ্ঠিত হোৱাৰ ৮ বছৰ সম্পূৰ্ণ কৰিলে৷ এইবাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কমনৱেলথ গেমছ৷ ৭১ খন দেশৰ ১৮ বিধ খেলৰ যুদ্ধ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’য়৷

►তাৰিখঃ ৪-১৫ এপ্ৰিললৈ

►সম্প্ৰচাৰঃ ষ্টাৰ স্পৰ্টছত 

►ক’তঃ অষ্ট্ৰলিয়াত অনুষ্ঠিত হ’ব৷ শ্ৰীলংকাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দায়িত্ব পালন তথা ইভেন্ট সাজু কৰিব নোৱাৰিলে৷ অষ্ট্ৰলিয়াৰ গ’ল্ড কোষ্টৰ কাৰাৰা ষ্টেড়িয়ামত অনুষ্ঠিত হ’ব প্ৰায় কেইটা ইভেন্ট৷ চাইক্লিং, শ্বুটিং, ব্ৰিচবেনত অনুষ্ঠিত হ’ব৷ কুইচ লেণ্ডত বাস্কেটবল অনুষ্ঠিত হ’ব৷

►খেল সমূহঃ মুঠ খেল হ’ল ১৮ বিধ৷ মুল খেল হিচাপে ধৰা হয় এথলেটিকছ, বেডমিন্টন, বক্সিং, হকি, লনবল, ৰাগবি, স্কয়াচ, সাঁতোৰ আৰু ৱেটলিফ্টিঙক৷ অপচনেল হিচাপে ধৰা হয় বাস্কেটবল, বিচ ভলিবল, চাইক্লিং, জিমনাষ্টিক, টেবুল টেনিচ, কুস্তি, ট্রায়থলন আৰু শ্বুটিঙক ধৰা হয়৷ 

►প্ৰতিযোগিঃ ৭১ খন দেশৰ ১৮ বিধ খেল খেলিবলৈ ৬৬০০ প্ৰতিযোগি আহিব৷ ২৭৫ টা সোনৰ পদক থাকিব৷

►ইতিহাসঃ ব্ৰিটিছ এম্পায়াৰ খেল হিচাপে ১৯৩০ চনত আৰম্ভ হৈছিল৷ সেই সময়ত ১১ খন দেশৰ ৪০০ এথলিটে অংশ গ্ৰহণ কৰিছিল৷ ১৯৫০ চনত নাম সলনি কৰি ব্ৰিটিছ এম্পায়াৰ আৰু কমনৱেলথ গেমছ কৰা হয়৷ ১৯৭০ চনত ব্ৰিটিছ কমনৱেলথ নাম কৰা হয়৷ ১৯৭৮ চনত বিশ্বৰ কেইবাখনো দেশৰ সহযোগত কমনৱেলথ নাম দিয়া হয়৷ ৪ বছৰৰ মূৰকত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা৷  

►ভাৰতঃ ভাৰতে এইবাৰ কমনৱেলথ প্ৰতিযোগিতাত মুঠ ২১৮ গৰাকী প্ৰতিযোগি প্ৰেৰণ কৰিছে৷ বিদেশী মিডিয়া আৰু আয়োজক সমিতিৰ বেছি আকৰ্ষণ থাকিব বেডমিন্টন খেলুৱৈ পি ভি সিন্ধুৰ ওপৰত।