ডিজিটেল ডেস্কঃ হায় ডিজিটেল ইণ্ডিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাই-সমিতিয়ে উচ্চ স্বৰে ডিজিটেল ইণ্ডিয়াৰ জয়গান গাই গ’লেও বাস্তৱত দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি।

অনলাইন বেংকিঙৰ খুতি-নাতিৰ সুযোগ লৈ সময়ে সময়ে একাংশ দুষ্ট চক্ৰই বহু লোকক সৰ্বশ্ৰান্ত কৰি অহা ঘটনাৰ এই দেশত সীমা সংখ্যা নাই। তেনে ঘটনা ৰোধ কৰিবলৈকে কেন্দ্ৰ চৰকাৰে বিমুদ্ৰাকৰণৰ সমান্তৰালভাৱে জনগণৰ সুবিধা হোৱাকৈ মুকলি কৰিছিল BHIM এপ।

এই বেংকিং এপত অতি উচ্চ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলিও দাবী কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু মোদীৰ তেনে দাবীক কাৰ্যত অসাৰ প্ৰতিপন্ন কৰিছে উত্তৰ প্ৰদেশত সংঘটিত এটি ঘটনাই। প্ৰাপ্ত বাতৰি মতে মোদীৰ BHIM এপো হাত সাৰিব পৰা নাই চাইবাৰ-চোৰৰ কবলৰ পৰা।

কেন্দ্ৰ চৰকাৰে উচ্চ প্ৰযুক্তি সম্পন্ন বেংকিং এপ বুলি দাবী কৰা BHIM এপৰ সহায়তে কেবাজনো লোকৰ একাউণ্টৰ পৰা ৪৫ লাখ টকা হৰলুকি কৰে উত্তৰপ্ৰদেশৰ ২ যুৱকে। শনিবাৰে দুয়োজনকে উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। ধৃত লোক দুজনৰ এজন হৈছে বেংক কৰ্মচাৰী।

জেৰাত লোক দুজনে স্বীকাৰ কৰে যে ৯ জনকৈ লোকৰ বেংক একাউণ্টৰ পৰা ২৪০ টা লেনদেনৰক মাধ্যমেৰে ৪৫ লাখতকৈয়ো অধিক টকা সৰকাইছিল। জানিব পৰা মতে, অইনৰ একাউণ্টৰ পৰা টকা সৰকাবলৈ BHIM এপৰ ইউ পি আই মূলক লেনদেনৰ কাৰিকৰী ক্ৰুটিৰ ব্যৱহাৰ কৰিছিল চাইবাৰ-চোৰ দুটাই।

এই ক্ৰুটিৰ কথা পোহৰলৈ অহাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে বেংক কৰ্তৃপক্ষ। এনে ক্ৰুটিপূৰ্ণ এপৰ বাবে আৰু বহু লোকে নিজৰ উপাৰ্জনৰ ধন হেৰুৱাবলগীয়া হ’ব পাৰে বুলিও কেবাজনো বেংক বিষয়াই সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰ ফলত কেছলেছ অৰ্থনীতিয়ে উজুটি খাবলগীয়া হ’ব পাৰে বুলিও বহুতে আশংকা প্ৰকাশ কৰিছে।

ইফালে উক্ত ঘটনাৰ পিছতে উদ্বিগ্নতা প্ৰকাশ কৰি উত্তৰ প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত ইউ পি আইৰ আসোৱাহৰ কথা উল্লেখ কৰি সেয়া অচিৰেই সমাধান কৰিবলৈ অনুৰোধ জনাইছে স্পেচিয়েল টাস্ক ফ’ৰ্চে।

Source: Times of India, Patrika Uttar Pradesh