ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা প্ৰতি মাহে ৪ টকাকৈ বৃদ্ধি পাব ৰন্ধন গেছৰ ৰাজসাহায্যপ্ৰাপ্ত চিলিণ্ডাৰৰ দাম। ৰাজসাহায্য বন্ধ কৰি দিয়াতো নিশ্চিত কৰি তেল কোম্পানীসমূহক এই নিৰ্দেশ দিছে কেন্দ্ৰই।

ইয়াৰ ফলত আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ পৰা পোৱা নাযাব ৰন্ধন গেছৰ ৰাজসাহায্য। লোকসভাত আজি এই কথা সদৰী কৰিছে পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

ইয়াৰ পূৰ্বে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামক ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম মাহে ২টকাকৈ বৃদ্ধি কৰিবলৈ কৈছিল কেন্দ্ৰই। এইবাৰ ৰাজসাহায্য শীঘ্ৰে নাইকিয়া কৰি দাম দুগুণ বৃদ্ধি কৰিব বুলি লোকসভাত লিখিতভাৱে জনায় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে।

উল্লেখ্য যে, বৰ্তমান প্ৰতি বছৰে এটা পৰিয়ালে ১২টা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ লাভ কৰি আহিছে। ইয়াতকৈ অধিক চিলিণ্ডাৰৰ প্ৰয়োজন হ’লে সেয়া বজাৰ দৰতে কিনিবলগীয়া হয় গ্ৰাহকে।

আজি পেট্ৰ’লিয়াম মন্ত্ৰীয়ে আৰু কয়, 'পূৰ্বৰ নিৰ্দেশ সলনি কৰি তেল কোম্পানীসমূহক ১ জুনৰ পৰা ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম মাহত ৪টকাকৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

♦ CLICK HERE ♦ SBIৰ আকৌ নতুন নিয়ম, সুতৰ হাৰ হ্ৰাস

যিমানদিন পৰ্যন্ত ৰাজসাহায্যৰ পৰিমাণ শূন্য হৈ নপৰে তেতিয়ালৈকে অৰ্থাৎ ২০১৮ বৰ্ষৰ মাৰ্চ পৰ্যন্ত বা নতুন নিৰ্দেশ নিদিয়া পৰ্যন্ত একেদৰে বৃদ্ধি অব্যাহত থাকিব।’

এই সিদ্ধান্তৰ ফলত মধ্যবিত্ত লোকসকলৰ অৱস্থা কাহিল হৈ পৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে অৰ্থনীতিবিদসকলে। ষ্টেট বেংকত ছেংভিছ একাউণ্টৰ সুতৰ হাৰ হ্ৰাস কৰাৰ দিনাই ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰাত সৰ্বসাধাৰণ লোকসকল এতিয়া ক্ষুব্ধ হৈ পৰিছে।