ডিজিটেল ডেস্কঃ চলচিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অন্ধ্ৰ প্ৰদেশৰ চলচিত্ৰ নিৰ্মাতা তথা অভিনেতাজনলৈ আগবঢ়োৱা হৈছে ২০১৬ বৰ্ষৰ দাদা চাহেব ফাল্কে পুৰস্কাৰ৷ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী ভেংকেয়া নাইডুয়ে নিৰ্মাতাজনৰ নামটো পুৰস্কাৰৰ বাবে অনুমোদন জনায়৷
৩ মে বিজ্ঞান ভৱনত অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে কে বিশ্বনাথক এই পুৰষ্কাৰ প্ৰদান কৰিব৷ উক্ত পুৰস্কাৰত আছে এটা স্বৰ্ণ পদুম, নগদ ১০ লাখ টকা আৰু এখন আলোৱান৷ ১৯৬৫ চনৰ পৰা এতিয়ালৈ ৫০ খন চলচিত্ৰ পৰিচালনা কৰিছে বিশ্বনাথে৷