গুৱাহাটীঃ 'সমস্যাবোৰ মানুহৰেই সৃষ্টি হেতুকে তাৰ সমাধানৰ সামৰ্থও মানুহৰ লগতে আছে’- উত্তৰ-পূৰ্বাঞ্চলত বাৰ দিনীয়া ভ্ৰমণৰ বাবে আজি পুৱাই আহি গুৱাহাটীত উপস্থিত হোৱা তিব্বতীয় আধ্যাত্মিক গুৰু দালাই লামাই আইটিএ মাছখোৱাত বিশ্বশান্তি সম্পৰ্কীয় এক অনুষ্ঠানত এই তাৎপৰ্যপুৰ্ণ মন্তব্য কৰিছে। মানৱীয় প্ৰমূল্যবোধেৰেহে পৃথিৱীৰ পৰা হত্যা-হিংসা নিৰ্মুল কৰা সম্ভৱ বুলি মন্তব্য কৰে দালাই লামাই৷ 

উত্তৰ-পুৰ্বাঞ্চলৰ ভ্ৰমণ কাৰ্যসূচীৰ এক অংশ হিচাবে আজি ট্ৰিবিউন গোষ্ঠীৰ হিৰক জয়ন্তী উপলক্ষে "বিশ্বশান্তিৰ বাবে এক দৃষ্টিভংগী’’ শীৰ্ষক অন্তৰংগ অনুষ্ঠানত বিভিন্নজনৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানটোত আধ্যাত্মিক গুৰুজনে কয় যে এই পৃথিৱীখন সকলোৰে বাবে৷

ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ঐতিহাসিক পৰম্পৰাতে বিশ্বশান্তিৰ সমাধামসূত্ৰ আছে বুলি আধ্যাত্মিক গুৰুজনে মন্তব্য কৰে। কেৱল মানৱ প্ৰেমেৰেহে এখন শান্তিৰ পৃথিৱী সম্ভৱ বুলি তেওঁ উল্লেখ কৰে৷ ১৯৫৯ চনত টাৱাঙৰ পৰা তেওঁৰ পলায়নৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে তেওঁ৷ শিক্ষা আৰু জাগৰণৰদ্বাৰা একবিংশ শতিকাই বিশ্বত শান্তি উভতাই আনিব পৰা যাব বুলি আত্মপ্ৰত্যয় ব্যক্ত কৰে দালাই লামা৷  

আধ্যাত্মিক গুৰুজনে ইয়াৰ পিছত ডিব্ৰুগড়, টাৱাং, ইটানগৰ, বমডিলাও ভ্ৰমণ কৰিব৷ সমগ্ৰ অসম আৰু অৰুণাচল প্ৰদেশত ধৰ্মগুৰুজনৰ ভ্ৰমণকলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে৷  উল্লেখযোগ্য যে ধৰ্মগুৰুজন এই ভ্ৰমণক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে চীনে৷

চীনৰ বৈদেশিক মন্ত্ৰী মুখপাত্ৰ লু কাঙে দেশ দুখনৰ সম্পৰ্কৰ ওপৰত দালাই লামাৰ ভ্ৰমণৰ নেতিবাচক প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছিল। আনহাতে ভাৰতৰ কথাত চীনক হস্তক্ষেপ নকৰিবলৈ সকিয়াইছে কিৰণ ৰিজিজুৱে৷