প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | ওদালগুৰিঃ ওদালগুৰিৰ নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৰয়েল স্কুল অফ ডান্সৰ উদ্যোগত সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ অডিচন সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ অডিচন বিগত ২ জুলাইৰ পৰা ডিব্ৰুগড় আৰু ধেমাজি জিলাত সফলতাৰে সম্পন্ন হৈ যায়।

আগন্তুক ১৫ জুলাইৰ পৰা গুৱাহাটীত, ১৭জুলাইত দৰঙ জিলাত, ১৯জুলাইত কোকৰাঝাৰ জিলাত, ২১ জুলাইত গোৱালপাৰা জিলাত, ২২জুলাইত শোণিতপুৰ জিলাত আৰু ২৩ জুলাইত ওদালগুৰি জিলাত অডিচন অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছ্যুক প্ৰতিযোগীসকলে বিভিন্ন নিয়ম অনুসৰি যোগদান কৰিব পাৰিব বুলি প্ৰতিযোগিতাৰ সঞ্চালক জিতু নাথ আৰু ৰয়েল স্কুল অফ ডেন্সৰ সভাপতি জয়ন্ত ৰাভাই জনায়। 

প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি একক নৃত্যত অংশগ্ৰহণকাৰী প্ৰতিযোগীয়ে ২৫০ টকা, যুটীয়া নৃত্যত অংশগ্ৰহনকাৰীয়ে ৫০০ টকা আৰু দলীয় নৃত্য প্ৰতিযোগী সকলে ১০০০ টকা ভৰ্তি মাচুল আদায় দিব লাগিব। প্ৰতিযোগীৰ বয়স ৮ ৰ পৰা ৩৫ বছৰ হ’ব লাগিব। প্ৰতিগৰাকী প্ৰতিযোগীয়ে অডিচন প্ৰ-পত্ৰৰ লগত দুখনকৈ পাচপৰ্ট আকাৰৰ ফটো জমা দিয়াৰ লগতে বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

অডিচনৰ সময়ত প্ৰতিযোগীসকলে দুইৰ পৰা তিনি মিনিট সময়ৰ ভিতৰত তেওঁলোকৰ নৃত্যৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব। আনহাতে প্ৰতিযোগীতাত শ্ৰেষ্ঠ প্ৰথম প্ৰতিযোগীক প্ৰমাণ পত্ৰসহ নগদ ৫০,০০০ টকা, দ্বিতীয় পুৰস্কাৰ নগদ ৩০,০০০ টকাসহ প্ৰমাণ পত্ৰ আৰু তৃতীয় পুৰস্কাৰ নগদ ১০,০০০টকা প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। প্ৰতিযোগিতাত অংশগ্ৰহণ তথা যিকোনো সম্বন্ধীয় যোগাযোগৰ বাবে ৭৫৭৮০৩১৯৯২, ৮৬৩৮৬৬৪৩৫১, ৮৭৫৩৯৩০৮৯৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।