ফখৰুল ইছলাম,দৰংঃ দৰঙৰ পূব মংগলদৈ বেচৰকাৰী পৰিবহন শ্ৰমিক সন্থাৰ আজি ৩৬ ঘণ্টীয়া চকা বন্ধ ঘোষণা৷ উল্লেখ্য যে, মঙলাবৰে মংগলদৈৰ ডেকা উপাধি নামৰ এজন ট্ৰেফিক পুলিচ এজনে আব্দুল লতিফ নামৰ ড্ৰাইভাৰজনৰ লগতে গাড়ীখনৰ মালিকজনকো মাৰধৰ কৰি আটক কৰি ৰাখে৷
বুধবাৰে ট্ৰেফিকজনৰ উক্ত কাণ্ডৰ প্ৰতিবাদত পুৱাৰপৰা বেচৰকাৰী মটৰ বাছ সমুহৰ চলাচল বন্ধ ৰাখি আবেলি খাৰুপেটীয়াত শতাধিক মটৰ শ্ৰমিকে প্ৰতিবাদী সভা প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ পূব মংগলদৈ বেচৰকাৰী পৰিবহন শ্ৰমিক সন্থাৰ কাৰ্যালয় সমীপতে অনুষ্ঠিত প্ৰতিবাদী সভাত আটকাধীন ড্ৰাইভাৰ আব্দুল লতিফক বিনাচৰ্তে মুক্তি আৰু ট্ৰেফিক পুলিচ জনক নিলম্বনৰ দাবীৰ সিদ্ধান্ত লয় আৰু এই চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰে৷