112
জয়ন্ত মুদৈ,নগাঁওঃ জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক গ্ৰুপ ‘অনুভূতিৰ মধুৰ স্মৃতি’ৰ উদ্যোগত যোৱা ২২ জুলাইত মৰিগাঁও জিলাৰ পিছপৰা অঞ্চল তাপতলা গাঁৱত বান সাহাৰ্য্য বিতৰণৰ কাৰ্যসূচী সফলভাৱে সমাপন কৰা হয়।
বলীয়াবানত আক্ৰান্ত গাঁওখনৰ প্ৰায় ২০০ টিৰো অধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ লগতে ফেনাইল আৰু মহিলাৰ বাবে ছেনিটেৰী নেপকিন তথা শিশুৰ বাবে গাখীৰ গ্ৰুপটোৰ সদস্য-সদস্যাসকলে বিতৰণ কৰে।