59
খাৰুপেটীয়াঃ হেপাহৰ ৰঙালী বিহুটিলৈ মাথো এমাহ সময় বাকী৷ লোকসভা নিৰ্বাচনলৈও এমাহ বাকী৷ অসমৰ চাৰিওফালে এতিয়া ব্যস্ততা৷ এনে ব্যস্ততাৰ মাজতো বিভিন্ন ঠাইত হেঁপাহৰ বিহুটিক আদৰিবলৈ আৰম্ভ হৈছে ঢোল পেঁপাৰ মাত৷ ঢোলৰ মাতত ৰজনজনাই গৈছে চাৰিওদিশ৷
ফাগুনৰ পচোৱাই মন উন্মাদ কৰাৰ পিছে পিছে কুলি কেতেকীৰ মাতেও শুৱনি কৰিলে চৌদিশ৷ মদাৰ, শিমলু, পলাশৰ লগে লগে ফুলিল কপৌফুল৷ চৌদিশে বসন্তৰ আগমনত মন উন্মনা, উন্মুক্ত প্ৰেমৰ আকুল আহ্বান।