কাজিৰঙাঃ গুৱাহাটীত মঙলবাৰে অসমীয়া মাধ্যমৰ জনপ্ৰিয় বৈদ্যুতিন চেনেল ‘নিউজ লাইভ’ৰ মজিয়াত শুভমুক্তি লাভ কৰে "কল্পনা তুমি" নামৰ এক গীতৰ এলবামে৷ এই ভিডিঅ এলবামটিৰ কন্ঠশিল্পী তথা অভিনয়ত আছে নিউজ লাইভৰ কাজিৰঙাৰ ব্যুৰ চিফ তথা নিয়মীয়া বাৰ্তাৰ জেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকৰ৷

গীতৰ কথা পলিমা চেতিয়া বসুমতাৰী আৰু গীতটিত সুৰ প্ৰদান কৰিছে সৌৰভ হাজৰিকাই৷ "নিউজ লাইভ"ৰ মুখ্য পৰিচালনা সম্পাদক জাহিৰ হুছেইন, কনছাল্টিং এডিটৰ ধ্ৰুৱ মহন্ত, মৌচুমী বৰা, ৰণিতা শইকীয়া, পংকজ শৰ্মা, বিকাশ শৰ্মাৰ লগতে ’নিউজ লাইভ’ৰ গুৱাহাটীৰ বহুকেইগৰাকী সাংবাদিকৰ উপস্থিতিত শুভ মুক্তি লাভ কৰে এই গীতৰ এলবামটিয়ে। 

ভিডিঅ' এলবামটিত অভিনয় কৰিছে ৰিংকু ৰিয়ান, দীপশিখা আৰু এই এলবামটিৰ গায়ক ৰঞ্জত ৰজকে৷ ভিডিঅটিৰ নৃত্যাংশৰ নিৰ্দেশনাত আছে শান্তুমণি শৰ্মা, দৃশ্যাংশৰ নিৰ্দেশনা সহায়ক শান্তুমণি বৰুৱা সংগীতত সুমিত গুপ্তা (ৰাজা) বাণী বন্ধনত নৱজিৎ বৰা, এন বি ডিজিটেল, বোকাখাত। সম্পাদনা কৰিছে অশোক বৰা, চিনেমাট’গ্ৰাফীত উত্তম কলিতা  আৰু চিনেমাট’গ্ৰাফী সহায়ক হিচাপে আছে চৰ্ফৰাজ আৰু ড্ৰোনত বিতোপন৷ 

সাংবাদিকতাৰ দৰে ব্যস্ত আৰু কষ্টৰ মাজতো সৰুৰেপৰাই থকা আগ্ৰহ আৰু গানৰ মাজত নিজকে হেৰুৱাই পোৱা অনাবিল আনন্দৰ বাবেই ৰঞ্জিত ৰজকে এনেদৰে গানৰ চৰ্চা অব্যাহত ৰখাৰ লগতে বৰ্তমান সময়ৰ এক উদীয়মান কন্ঠশিল্পী হিচাপে ৰাইজৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান শাস্ত্ৰীয় সংগীতৰ সাধনাত ব্যস্ত থকা ৰঞ্জিত ৰজকে আগন্তুক বিহুৰ সন্মিলনৰ বহু ঠাইত বহু কেইটা মঞ্চত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত হোৱাৰ কথা জানিবলৈ দিছে। 

কালি নিউজ লাইভৰ মজিয়াত ৰঞ্জিত ৰজকৰ গীতৰ এলবাম "কল্পনা তুমি"ৰ শুভমুক্তিৰ মুহূৰ্ত্তত নিউজ লাইভৰ পৰিচালন সঞ্চালক জাহিৰ হুছেইনে গায়ক গৰাকীক অভিনন্দন জনোৱাৰ লগতে অনাগত সময়বোৰতো সাংবাদিকতাৰ লগতে সমান্তৰালভাৱে এনেদৰেই গীতৰ চৰ্চা অব্যাহত ৰাখিবৰ বাবে শুভেচ্ছা জনায়৷ এলবামটিৰ মুক্তিত উৎফুল্লিত হৈ পৰিছে কাজিৰঙাৰ সমুহ সংবাদসেৱীৰ লগতে স্থানীয় ৰাইজ। 

বোকাখাত অঞ্চলৰ এগৰাকী অতি চিনাকি বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সংবাদদাতাৰ এই সংগীতৰ যাত্ৰাত শুভাকাংক্ষী সকলে অভিনন্দন জনাইছে।