খাৰুপেটীয়াঃ বেছমাৰী আদি বিভিন্ন ভিতৰুৱা অঞ্চলতো চলি থকা অসামাজিক কাৰ্যকলাপ বন্ধ ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰং জিলা আমছুৰ সভাপতি আলেপ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক মাহবুবুল হক আৰু সম্পাদক আব্দুছ ছামাদ আৰু আবুল কালাম আজাদে দৰং জিলা প্ৰশাসনক দাবী জনাইছে৷
এক প্ৰেছ বিবৃতি যোগে শুকুৰবাৰে আমছুৰ নেতৃবৰ্গই জানিবলৈ দিয়া মতে আজি বহু দিনৰপৰা দৰঙৰ খাৰুপেটীয়া, দলগাও, বেছিমাৰী, ধুলা আদি বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা মেলা সমুহত তীৰ খেল বিভিন্ন ধৰণৰ জুৱা খেলা অবাধে চলি আহিছে যদিও মেলা কমিটি সমুহে কোনোধৰণৰ ব্যৱস্থা লোৱা নায়৷