120
দৰংঃ দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী বজাৰত নিশা ৰাইফল, মেগজিন, চাইকেল আদি গাঁওৰক্ষী বাহিনীৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই মাৰণাস্ত্ৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ছহীদুল ইছলামে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে নিশা শ্যামপুৰ আৰক্ষীয়ে তেওঁলোকক চোৰাং চিকাৰী অহাৰ কথা সম্ভেদ পাই সতৰ্ক হৈ থাকিবলৈ কয় আৰু আৰক্ষীয়েও সতৰ্কতা অৱলম্বন কৰি অভিযানত নামি পৰে৷
