ফখৰুল ইছলাম, দৰংঃ দৰং জিলাৰ দলগাও থানাৰ অন্তৰ্গত বেছিমাৰীত বাণিজ্য শাখাত এশ শতাংশ উৰ্ত্তীৰ্ণৰে জিলিকিল বেছিমাৰী কনিষ্ঠ মহাবিদ্যালয়৷ মহাবিদ্যালয়খনৰ ফলাফল অনুসৰি প্ৰথম স্থানত মাফুজা খাতুন (ইংৰাজী, অসমীয়া, ব্যৱসায় অধ্যয়ন, বেংকিং)বিষয়ত লেটাৰ নম্বৰসহ ৮২.৫%, দ্বিতীয় স্থানত মৰ্জিনা খাতুন (ব্যৱসায় অধ্যয়ন, অসমীয়া)বিষয়ত লেটাৰ নম্বৰ সহ ৭৫%, তৃতীয় স্থানত নিলিমা খাতুন (ব্যৱসায় অধ্যয়ন)বিষয়ত লেটাৰ নম্বৰ সহ ৭২.৬%, চতুৰ্থ স্থানত ছানাউল্লাহ আৰু মমিন আলীয়ে ৬২.৫% আৰু বাকী ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উৰ্ত্তীৰ্ণ হৈ বেছিমাৰী জুনিয়ৰ কলেজলৈ এশ শতাংশ উত্তীৰ্ণৰে বৃহত্তৰ অঞ্চললৈ সুনাম কঢ়িয়াই
আনে।