68
ফখৰুল ইছলাম, দৰংঃ দৰঙৰ শ্যামপুৰত আজি এটা হৰিণা উদ্ধাৰ হয়। শ্যামপুৰ থানাৰ অন্তৰ্গত কালাইৰ চৰত ৰাইজে ব্ৰহ্মপুত্ৰ নদীত উঠি অহা হৰিণা উদ্ধাৰ কৰি শ্যামপুৰ থানাত খবৰ দিয়ে।
হৰিনাটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা বানৰ পানীত উঠি অহা বুলি আৰক্ষীয়ে সদৰি কৰে। শ্যামপুৰ আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত হৰিনাটো উদ্ধাৰ কৰি থানালৈ আনে আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক চমজাই দিয়ে।