নতুন দিল্লীঃ পুলৱামা, উৰী আৰু মুম্বাই আক্ৰমণকে ধৰি ভাৰতত সংঘটিত কৰা ভয়ংকৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদক গ্ৰেপ্তাৰ কৰা হয়। 

ভাৰতত সংঘটিত হৈ অহা ভয়ংকৰ আক্ৰমণৰ লগত জড়িত থকা প্ৰধান সন্ত্ৰাসবাদীয়ে আছিল হাফিজ ছঈদ৷

জামাত–উদ–দাৱাৰৰ মুৰব্বী হাফিজ ছঈদক লাহোৰৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে। ২০০৯ চনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন যোগানৰ এক গোচৰত পঞ্জাৱ আৰক্ষীৰ সন্ত্ৰাসবাদবিৰোধী বিভাগে গ্ৰেপ্তাৰ কৰে হাফিজ ছঈদক। সম্প্ৰতি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজ ছঈদক।

আৰক্ষীয়ে হাফিজ ছঈদৰ লগতে জামাত–উদ–দাৱাৰ ১৩ নেতাৰ বিৰুদ্ধে ২৩টা গোচৰ ৰুজু কৰিছিল। লাহোৰৰপৰা গুজৰাংৱালালৈ গৈ থকাৰ সময়তে হাফিজক গ্ৰেপ্তাৰ কৰে পঞ্জাৱআৰক্ষীৰ এছ টি ডিৰ দলে। 

উল্লেখ্য যে, হাফিজ ছঈদৰ সংগঠন জামাত–উদ–দাৱাক লস্কৰ–ই–তৈবাৰ মুখ্য সহযোগী হিচাপে জনা যায়। 

২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছঈদক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছিল। হাফিজ ছঈদৰ ওপৰত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী আইন ১৯৯৭ৰ অধীনত জামাত–উদ–দাৱা আৰু ফলাহ–এ–ইনছানিয়তৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল।