84
ছাদিকুজ জামান, মোৰাঝাৰঃ যি সময়ত এমুঠি অন্নৰ বাবে বানপীড়িত ৰাইজে ককবকাই আছে সেই সময়তে হোজাই জিলাৰ ডবকাৰ এটি অগ্ৰনী বেচৰকাৰী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত তিনি খনকৈ ৰাজহ গাঁৱত বান সাহাৰ্য্য বিতৰন কৰা হয়৷
এই উপলক্ষে মঙলবাৰে দিনত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সচিব জুনু জলিলৰ নেতৃত্বত যোৱা ১৫ জনীয়া দলে প্ৰথমে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক গাঁওপঞ্চায়তত প্ৰৱেশ কৰে৷