
তেজপুৰঃ এগৰাকী ৮০ বছৰীয়া বৃদ্ধা৷ ৪গৰাকীকৈ কন্যা আৰু দুই পুত্ৰৰ মাতৃ এই বৃদ্ধাগৰাকীৰ চকুত চকুলো।চৰম নিৰাপত্তাহীনতাত ভোগা আইতাৰ এতিয়া জীৱনটোক লৈ টনা-আজোৰা৷
জীৱনৰ বিয়লি বেলাত বোৱাৰীৰ পৰা অকথ্য নিৰ্যাতনত অতিষ্ঠ হৈ পৰা এই আইতাগৰাকী হৈছে বুদ্ধেশ্বৰী দেৱী৷ ঘৰ শোণিতপুৰ জিলাৰ বৰছলা নাথ গাঁৱত৷
এই গৰাকী বৃদ্ধাই বৰপুত্ৰৰ লগতে থাকি জীৱন নিৰ্বাহ কৰি আহিছিল৷ পুত্ৰ ৰামেশ্বৰ নাথ কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকে। পুত্ৰৰ জ্ঞাতসাৰেই বোৱাৰী তিলোত্তমা নাথে দীৰ্ঘদিন ধৰি শাহুৱেকৰ ওপৰত চলাই আহিছে নিৰ্যাতন।
নিষ্ঠুৰ বোৱাৰীগৰাকীয়ে প্ৰায়েই চৰ, ভুকু সোধাই অহাৰ ওপৰিও নিজৰ প্ৰস্ৰাৱ পৰ্যন্ত শৰীৰত ঢালি দিয়াৰ অভিযোগ তুলিছে আইতাগৰাকীয়ে৷ 'মইনো কিমান দিন থাকিম। থকা দিনকেইটা মোক ভালকৈ থাকিবলৈ দিলেই হ'ল। কিন্তু কি ক'ম মোৰ দুখৰ কাহিনী। তাই মোক ভাত খালেও গালি দিয়ে। খৰিৰে বুঢ়ী বুঢ়ী বুলি কৈ কোবায়। গাত প্ৰস্ৰাৱ ঢালি দিয়ে।"-বৃদ্ধাগৰাকীয়ে কয়।
অৱশেষত বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আইতাগৰাকী কোনোমতে ঘৰ এৰি ওলাই আহিছে দুকুৰি কিলোমিটাৰ দূৰৈৰ বালিখুটি গাঁৱত থকা জীয়েকৰ ঘৰলৈ৷
জীয়েকৰ ঘৰলৈ আহি নিজৰ দুখৰ কথা জনাবলৈ বুলি সংবাদ মাধ্যমৰ কাষ চাপে বোৱাৰীৰ নিৰ্যাতনত জৰ্জৰিত বৃদ্ধাগৰাকী ৷ সাংবাদিকৰ কাষ চাপি তেওঁ কৈ যায় দুৰ্বিসহ জীৱনৰ কথা। কৈ যায় পুত্ৰৰ পৰা কোনো সঁহাৰি নাপাই কিদৰে বোৱাৰীয়েকৰ সমুখত অসহায় হৈ পৰে তেওঁ।
"তোমালোকে মোৰ হৈ কিবা এটা কৰা৷ মই গাঁৱৰ গাঁওবুঢ়াৰ ওচৰত গৈ গোচৰ দিলো। থানাত গৈ পুলিচক ক’লো, মোক বোৱাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰক ৷ নাই কোনেও নুশুনিলে মোৰ কথা ৷ কিমান সহিম আৰু যাতনা! কোনোমতে জীৱটোলৈ পলাই আহিছো ৷"-এইদৰে কৈ হুকহুকাই কান্দি উঠে বুদ্ধেশ্বৰীয়ে।
এয়াই আছিল এইখন সভ্যসমাজত এগৰাকী বয়োজ্যেষ্ঠ মাতৃৰ প্ৰতি নিজৰ পুত্ৰবধুৰ ব্যৱহাৰ। হায় মানৱতা ! কোনে ভাবিব এতিয়া এই গৰাকী আইতাৰ জীৱনৰ বাকী থকা দিনকেইটাৰ নিৰাপত্তাৰ কথা ৷ অথচ চৰকাৰে আইন প্ৰণয়ন কৰি অত্যাচাৰী পুত্ৰক নাকী লগোৱাৰ কথা সদম্ভে ঘোষণা কৰিছিল। কিন্তু ইমান আইন-কানুন থকাৰ পিছতো এইগৰাকী আইতাৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰিছে প্ৰতিগৰাকী হৃদয়ৱান লোক।