63
খেৰণিঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কাৰ্বি পাহাৰত আৰম্ভ হ’ল দ্বাদশ কাৰ্বি পৰিষদীয় সাধাৰণ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিতে নিৰ্বাচনী আয়োগ আৰু প্ৰসাশনে ব্যাপক তৎপৰতাৰে চলাই গৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া৷
আজিৰ ভোটদানৰ জৰিয়তে মুঠ ৫,৯৭,৬২৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৬৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে মুঠ ৩,০৬,৮০১ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ২,৯০,৮২৭ গৰাকী ৷