newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা শান্তিজান বজাৰ জাগৰণ গোটৰ সৌজন্যত শুকুৰবাৰে এখন দিবা-নৈশ কাবাডী খেল অনুষ্ঠিত হয়।শান্তিজান বজাৰ প্ৰাংগনত শুকুৰবাৰে নিশা ৯ বজাৰ পৰা আৰম্ভ হোৱা দিবা-নৈশ প্ৰতিযোগিতাত সৰ্বমুঠ ৮ টা দলে অংশ গ্ৰহণ কৰে যদিও চুড়ান্ত খেলখনত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে আমলখি টাইগাৰ ক্লাৱে।খেলখনত চেমি ফাইনেলত প্ৰবেশ কৰা শান্তিজান বজাৰ ভাই ভাই ক্লাৱক আমলখি টাইগাৰ ক্লাৱে ৩-১ৰ ব্যবধানত পৰাস্ত কৰে।
আমলখি ক্লাৱৰ ৰাব্বোল ইছলাম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।প্ৰাক্তন খেলুৱৈ মফিজ উদ্দিন আৰু আৰফান আলীয়ে পৰিচালনা কৰা তুমুল প্ৰতিযোগিতামূলক খেলখনৰ শুভ উদ্বোধন কৰে বিজেপিৰ কলিয়াবৰ জিলা উপ সভাপতি অতুল পাটৰে।