48
চাপৰঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত খেৰডুবিত মঙলবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ। খেৰডুবিস্থিত ৩১ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা ধীৰবিলৰ সুঁতি এটাত চল্লিশ উৰ্ধৰ লোক এজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় এজন মাছমৰীয়াই।
মেটেকাৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো উৱলি গৈছে। প্ৰায় ৩-৪ দিন পূৰ্বে কোনো দুৰ্বৃত্তই লোকজনক হত্যা কৰি মেটেকাৰ তলত সুমুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।