newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ কেৰেলাত সোমবাৰে পুৱা নিফা নামৰ ভাইৰাচৰ ফলত উঠা জ্বৰত পুনৰ ২জন লোকৰ মৃত্যু হয়৷ উত্তৰ কেৰেলাত নিফা ভাইৰাচৰ সংক্ৰমণত মৃত্যুমুখত পৰা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পায়৷ এই ৰোগৰ পৰা মুক্তি পাবলৈ কেন্দ্ৰৰ তৰফৰ পৰা এটি বিশেষজ্ঞৰ দল কেৰেলালৈ প্ৰেৰণ কৰা হৈছে৷
ৰাজ্য স্বাস্থ্য সচিব ৰাজীৱ সদানন্দনে জানিবলৈ দিয়া মতে, ইণ্ডিয়ান কাউন্সিল অৱ্ মেডিকেল ৰিচাৰ্ছৰ এটি বিশেষজ্ঞৰ দল সোমবাৰে কেৰেলাৰ কোজিকোডত উপস্থিত হয়৷ নিফা নামৰ সংক্ৰামক ভাইৰাছ বিধৰ পৰা বাচি থাকিবলৈ ৰাজ্যখনৰ সৰ্বত্ৰে চেষ্টা চলোৱা হৈছে৷ আনহাতে ভাইৰাছ বিধৰ পৰা আঁতৰি থকাৰ স্বাৰ্থত ৰাজ্যখনৰ নাগৰিকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷