বোকাজানঃ অহা ৩০ আৰু ৩১ ডিচেম্বৰত গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কুংফুং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লগীয়া কাৰ্বি আংলং জিলাৰ ১৫ জনীয়া দলটো শুকুৰবাৰে ঘোষণা কৰে৷

সদৌ অসম কুংফু এছ'চিয়েছনৰ উদ্যোগত অসম ভিত্তিত গোলাঘাট নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কাৰ্বি আংলং জিলাৰ দলটোক মুখ্য প্ৰশিক্ষক তথা সৰ্বভাৰতীয় কুংফু ফেডাৰেছনৰ উপ-সভাপতি চিফু ৰাজকুমাৰৰ তত্ত্বাৱধানত তথা দলপতি নিৰ্মল বসুমতাৰীয়ে নেতৃত্ব প্ৰদান কৰিব৷

ইতিমধ্য জিলাখনৰ খেলুৱৈ দলটোত বিভিন্ন শাখাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি দলপতিগৰাকীয়ে জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰীয় চাওলিন কুংফু এছ'চিয়েশ্যন আৰু গোলাঘাট জিলা কুংফু এছ'চিয়েশ্যনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাজ্যিক কুংফু প্ৰতিযোগিতা৷