69
ৰঙিয়াঃ ৰঙিয়া চহৰৰ মাজমজিয়াত ধাৰাবাহিক ভাবে ধন লুটৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে আজি পুনৰ এক ধন লুটৰ ঘটনা সংঘটিত হয়। ৰঙিয়া এন টি ৰোডত থকা সঞ্জয় ষ্টোৰৰ গৰাকী অজয় আগৰৱালে এটা বেগত নথি-পত্ৰ সহ প্ৰায় ডেৰ লাখ টকা লৈ ঘৰৰ পৰা দোকানলৈ আহি আছিল।
ব্যৱসায়ী জনে ৰঙিয়া শান্তিপুৰ পোৱা মাত্ৰকে বাইকত অহা দুজন যুৱকে টকাৰ বেগটো কাঢ়িলৈ যায়। ঘটনাটো সংঘটিত কৰিয়ে যুৱক দুজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।