গুৱাহাটীঃ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ চৰকাৰৰ বিদেশী বিতৰণৰ ক্ষেত্ৰত যে কোনো গুৰুত্ব নাই সেই কথা অৱশেষত দেশৰ উচ্চতম ন্যায়ালয়ৰ আগত শপতনামযোগে অৱগত কৰিলে ৰাজ্য মুখ্যসচিবে।
মুখ্যসচিবে ন্যায়ালয়ক দিয়া তথ্য অনুসৰি ২০১৫ চনৰপৰা ২০১৮ চনলৈ ৰাজ্যত মুঠ ৪৪ হাজাৰ অবৈধ বিদেশী চিনাক্ত হৈছে। কিন্তু সেই চিনাক্ত হোৱা ৪৪ হাজাৰ অবৈধ বিদেশীৰ মাত্ৰ ৪ জনহে আজি পৰ্যন্ত বিতাৰণ কৰিছে জাতি মাটি ভেটি ৰক্ষা কৰাৰ সোণোৱাল চৰকাৰখনে। এই কথা অকপত স্বীকাৰ কৰি ৰাজ্য মুখ্যসচিবে এনেদৰে ন্যায়ালয়ৰ আগত কয়৷