99
গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনৰ ব্যাপক তৎপৰতা চলি থকা সময়তে এইবাৰ ন্যায় বিচাৰি ৰাজপথলৈ নামিল আমৰি কাৰ্বি ছয় জাতীয় সংগঠন। বুধবাৰ গুৱাহাটীৰ লতাশিল খেলপথাৰৰপৰা ৰাজভৱনলৈ সংগঠনটোৱে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত গ্ৰহণ কৰে এক প্ৰতিবাদী সমদল।
উল্লেখ্য যে, তেওঁলোকৰ দাবী হৈছে সোণাপুৰত অসম ৰাইফলচৰ সামৰিক ঘাটি স্থাপন বন্ধ কৰা আৰু গুৱাহাটী মহানগৰৰপৰা ডিমৰিয়া লৈকে ১০ কিলোমিটাৰ মহানগৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া বাতিল কৰা।