সংবিধানৰ দোহাই : প্ৰতিবাদী কৰি তুলিছে ভাৰতবাসীক…গণতন্ত্ৰৰ পীঠস্থানত বিৰোধী কণ্ঠস্বৰৰ ওপৰত ৰ’লাৰ চলাই শাসকে দহ দিনত ২৫ খন বিধেয়কক আইনী ৰূপ দিলে৷ উত্তৰপ্ৰদেশত ক্ৰমাগত যি ঘটনা ঘটি আছে তাৰ পিছতো কি আমি ক’ব পাৰো যে দেশত গণতন্ত্ৰ বিৰাজ কৰিছে? ক’বলৈ গ’লে অগণতান্ত্ৰিক ভাৰতবৰ্ষৰ এক নিদাৰুণ ছবিয়ে প্ৰকট হৈ উঠিছে…….
উদয়ন বিশ্বাস
শাসকে বিৰোধীসকলক যিমানেই সমালোচনা নকৰক কিয়, এই কথা সঁচা যে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সমগ্ৰ দেশবাসীয়ে শাসকক উৎখাত কৰাৰ কাৰণে কেতিয়াও আন্দোলন কৰা নাই৷ ৰাষ্ট্ৰৰ সংবিধানক আশ্ৰয় লৈ তেওঁলোকে যুঁজ চলাই যাব বিচাৰে৷ কাৰণ জীয়াই থকাৰ মৰ্যাদাৰ ভিত্তিই হ’ল সংবিধান৷ যিসকলে সংবিধান সম্পৰ্কে একোৱে নাজানে বা সংবিধান পঢ়া নাই তেওঁলোকেও প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কল্যাণত সংবিধান পঢ়িবলৈ বাধ্য হৈছে৷ সম্প্ৰতি সংবিধানৰ মুদ্ৰণ সংখ্যা বৃদ্ধি পাইছে৷ সংবিধানৰ বেটুপাতত কোনোবাৱে আম্বেদকাৰৰ প্ৰতিকৃতি, কোনোবাৱে ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিছে৷ সকলোৰে আশা, ন্যায়ালয়ত নাগৰিকত্ব আইনখন প্ৰত্যাখাত হবই, কাৰণ এয়া সংবিধানৰ প্ৰস্তাৱনাৰ বিৰোধী৷ বিৰুদ্ধ মতামত হ’ল, প্ৰস্তাৱনা কেতিয়াও সংবিধান হ’ব নোৱাৰে৷ প্ৰত্যুত্তৰ হ’ল, যদি প্ৰস্তাৱনা বাতিল হয়, তেতিয়াহলে গোটেই সংবিধানখনেই বাতিল হ’ব৷ মন কৰিব, বৰ্তমান সময়ত প্ৰাতিষ্ঠানিক পৰ্যায়ত সংবিধানখন উঠি আহিছে৷ কেইটামান ৰাজ্যই এই আইন বাতিল কৰাৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে, কোনোকোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বয়ং ঘোষণা কৰিছে এই আইন অসাংবিধানিক৷ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ৰাজপথ-জনপথ সকলো ঠাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসহযোগৰ নতুন বাণী প্ৰকাশ পাইছে৷ ইমান দিন ভাবিছিলোঁ, আইনৰ জৰিয়তে সংবিধানে জনজীৱনত প্ৰভাৱ বিস্তাৰ কৰে৷ কিন্তু বৰ্তমান সময়ত সংবিধানৰ নামত আইন অমান্য আন্দোলন চলি আছে৷ যেন এটা নতুন সাংবিধানিক চৈতন্য বা সাংবিধানিকবোধ ভাৰতবাসীৰ মনত জাগি উঠিছে৷ কাৰণ যেনেদৰে দীৰ্ঘদিনৰ ক্ষোভ গোটেই দেশত বিভিন্ন ভংগীত প্ৰকাশ পাইছে তাক আমি অভ্যুত্থানমূলক সাংবিধানিকতা বা দ্ৰোহকালৰ সংবিধানবোধ বুলি অভিহিত কৰিব পাৰো৷ কিন্তু এই সাংবিধানিকতাৰ কেন্দ্ৰত এটাই প্ৰশ্ন, সেয়া হ’ল ন্যায়ৰ কি হ’ব? সামাজিক ন্যায় বা অৰ্থনৈতিক ন্যায় বাদ দিলে আইনী ন্যায়ৰ আৰু কি অৰ্থ থাকিব? ৰাজনৈতিক ন্যায়ৰেই বা অৰ্থ কি, যদি মৰ্যাদা, ন্যায়বিচাৰ আৰু সুৰক্ষা যদি নিশ্চিত নহয়?
বৰ্তমান সময়ত যি অসন্তোষ তীব্ৰ হৈ উঠি আহিছে, তাতে গুৰুত্বপূৰ্ণ উপাদান হ’ল, সংখ্যালঘু সম্প্ৰদায়ৰ বিদ্ৰোহ, তাৰ প্ৰতি দলিতশ্ৰেণীৰ মানুহৰ ব্যাপক সমৰ্থন৷ আজি এই ক্ষেত্ৰত নতুন সাংবিধানিক চৈতন্যৰ প্ৰকাশ দেখা গৈছে, সেয়া মাথোন সংখ্যালঘুৰ অধিকাৰক কেন্দ্ৰ কৰিয়ে নহয়, সেয়া ঘটিছে বৈষম্যৰ বিৰোধিতা আৰু ন্যায়ৰ দাবীত৷ ৰাইজৰ এই সাংবিধানিকবোধৰ চাৰিটা বৈশিষ্ট্য লক্ষণীয়–প্ৰথমতঃ সংবিধান আইনৰ শাসনৰ প্ৰতীক নহয়, সংবিধান দেশৰ প্ৰতীক৷ সংবিধানৰ মুখৱন্ধ দেশৰ আদৰ্শৰ প্ৰতীক৷ এয়া জাতীয়তাবাদ নহয়, এয়া হ’ল এক নতুন ধৰণৰ সংহতিৰ দিশ নিৰ্দেশকাৰী৷ দ্বিতীয়তঃ এই সংহতি নিৰ্মাণত জাতীয় আন্দোলনৰ পুনৰাবৃত্তি হ’বলৈ ধৰিছে৷ তৃতীয়তঃ সাংবিধানিক ভাৱনা৷ তেওঁলোকৰ ভাৱনাৰ ঠাই বাটৰ ৰাজনীতি, ন্যায়ৰ আকাংক্ষাৰ জনবাদী অভিব্যক্তি৷ চতুৰ্থতঃ এই নতুন সাংবিধানিক চিন্তা সংবিধান আৰু আইনৰ মাজৰ সম্পৰ্কক নতুনকৈ ভাবিবলৈ উদগণি দিছে৷ ইমান দিন আমাৰ ধাৰণা আছিল, আইনৰ জৰিয়তে সংবিধান মূৰ্ত হয়৷ এতিয়া শ্ল’গান উঠিছে, যি আইন সাংবিধানিক ন্যায্যতা নামানে, সেই আইনৰ কোনো মৰ্যাদা নাই৷ ফলত উঠি আহিছে ‘আজাদী’ বুলি এটা শব্দ৷ এই ‘আজাদী’ৰ অৰ্থনো কি? মাথোন স্বাধীনতা নেকি এক প্ৰতিবাদস্পৃহা? এক নতুন আদৰ্শৰ ইংগিত? এক ধৰণৰ আত্মনিয়ন্ত্ৰণবোধ?
স্বাধীনতাৰ সত্তৰ বছৰৰ পিছত ৰাইজৰ মনত এনেধৰণৰ সাংবিধানিক চিন্তা কিয় মনলৈ আহিল? আচলতে মনমোহন সিংহৰ আমোলৰ শেষৰ ফালে দেশৰ সেনাধ্যক্ষ, শিল্পপতি, ন্যায়ধীশ, ৰাজনৈতিক নেতৃবৃন্দৰ একাংশই ভাবিলে আইনৰ শাসন সুদৃৃঢ় কৰিব লাগিব৷ কাৰণ দেশত বিশৃঙ্খলা বিয়পি পৰিছে৷ নৈৰাজ্য বৰদাস্ত কৰা নহয়৷ দেশৰ অখণ্ডতা আৰু সংহতি বজায় ৰাখিবলৈ হলে প্ৰয়োজনত সকলো পদক্ষেপ গ্ৰহণ কৰা জৰুৰী৷ বৰ্তমানত সেই প্ৰশাসনিক বোধেই ডাঙৰ আকাৰ ধাৰণ কৰিছে৷ ইয়াৰ লগত যুক্ত হৈছে এক ভাষা, এক ধৰ্ম, এক জাতিবোধৰ লগত দেশক আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা৷ ইয়াৰ বিৰুদ্ধে প্ৰকট হৈ উঠিছে সংবিধানবোধ৷ আইন অমান্য আৰু প্ৰতিৰোধৰ পৰিৱেশত স্বাভাৱিক প্ৰক্ৰিয়াত এক বিদ্ৰোহী সংবিধানবোধ মূৰ ডাঙি উঠিছে৷ আইনৰ অনুশাসনে যদি ত্ৰাস সৃষ্টি কৰে তেতিয়াহলে তাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? ইয়াতেই নব্য সাংবিধানিকতাৰ প্ৰাসংগিকতা৷ নাগৰিকত্ব সংশোধনী আইনখন যে সংবিধানবিৰোধী সেই সম্পৰ্কে কোনো দ্বিমত নাই৷ সংবিধানপ্ৰণেতাসকলে আমাক যি সংবিধান দি গৈছে, সেই সংবিধানৰ মৰ্মকথাৰ বিৰুদ্ধে ভয়ংকৰ আইন প্ৰণয়ন কৰা হৈছে৷ সংবিধানত কোৱা হৈছে, সমতা, সমানাধিকাৰৰ কথা৷ নাগৰিকত্ব সংশোধনী আইনখন সেই অধিকাৰ লঙঘন কৰিছে৷ সংবিধানে কৈছে, এই দেশ ধৰ্মনিৰপেক্ষ৷ তিনিখন দেশৰ ‘ধৰ্মীয় কাৰণত উৎপীড়িত সংখ্যালঘু’, হিন্দু, বৌদ্ধ, শিখ, খ্ৰিষ্টান আৰু পাৰ্চিসকলক নাগৰিকত্ব দিয়া হ’ব৷ কিন্তু মুছলমান ধৰ্মাৱলম্বীসকলক কোনো নাগৰিকত্ব দিয়া নহয়৷ মাথোন বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ কথা কোৱা হৈছে৷ কিন্তু পাকিস্তানৰ আহমেদিয়া সম্প্ৰদায় যে উৎপীড়িত সেই সম্পৰ্কে কোনো উল্লেখ নাই৷ প্ৰতিবেশী শ্ৰীলংকাৰ তামিল হিন্দুসকলে কি দোষ কৰিলে? তাৰ পিছত আফগানিস্তানক কিয় ইয়াৰ লগত অন্তৰ্ভুক্ত কৰা হ’ল? আফগানসকলে কেতিয়াও ব্ৰিটিছৰ গুলাম নাছিল৷ আফগানিস্তানত শিখ আৰু হিন্দুসকলে ডাঙৰ ডাঙৰ বেপাৰ কৰিছিল৷ তেওঁলোকে কোনো অত্যাচাৰৰ চিকাৰ হোৱা নাই৷ উচ্ছতম ন্যায়ালয়ে কি ৰায় দিব সেয়া পিছৰ কথা৷ নতুন আইন যে সংবিধানৰ আত্মাক আঘাত কৰিছে সেই সম্পৰ্কে কোনো দ্বিমত নাই৷