গুৱাহাটীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয় আৰু আহমেদাবাদস্থিত নেশ্যনেল ইনষ্টিটিউট অব ডিজাইন (NID)ৰ মাজত শিপিনী আৰু শিল্পীৰ আয় বৃদ্ধিৰ বাবে সম্পাদিত হোৱা চুক্তি মৰ্মে গুৱাহাটীৰ খানাপাৰাস্থিত শিপিনী সেৱা কেন্দ্ৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ডিজাইন কৰ্মশালা আৰু ক্ৰেতা-বিক্ৰেতাৰ আলোচনা চক্ৰ।
উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা কৰ্মশালাত যোগদান কৰা হস্ততাঁত আৰু হস্তশিল্পৰ শিপিনী তথা কলা- কুশলীসকলক সামগ্ৰীৰ উৎপাদনত গুণগত দিশৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰোৱাৰ লগতে উৎপাদনৰ পৰা কিদৰে অধিক লাভ পাব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷