খাৰুপেটীয়াঃ লোভ সম্বৰণ কৰাৰ অভ্যাস গঢ়ি তোলক আপোনাৰ শিশুটিৰ। নহ’লে বৰফ খাই অসুস্থ হৈ পৰিব পাৰে আপোনাৰ সন্তানটি। অইন ঠাইৰ লোকসকলে নহ’লেও দৰং আৰু ওদালগুৰিবাসীয়ে এই ক্ষেত্ৰত সাৱধান হ’বৰ হ’ল।
অন্যাথাই প্ৰচণ্ড গৰমত বৰফ খোৱাৰ আনন্দ লওতেই পেটলৈ যাব পাৰে কেঁচু। কিয়নো খাৰুপেটীয়া নগৰত থকা কেবাটাও বৰফ প্ৰস্তুতকাৰী উদ্যোগে সহজে ধন ঘটাৰ মানসেৰে দীৰ্ঘদিন ধৰি উলংঘা কৰি আহিছে খাদ্য সংশোধনী প্ৰক্ৰিয়াৰ সকলো নিয়ম। এনে পৰিপ্ৰেক্ষিততে উক্ত বৰফ প্ৰস্তুতকাৰী উদ্যোগৰ পৰা দৰং আৰু ওদালগুৰি জিলাৰ বজাৰলৈ অহা বৰফত কেতিয়াবা যদি আলপিন পোৱা গৈছে আন কেতিয়াবা আকৌ পোৱা গৈছে প্লাষ্টিকৰ টুকুৰা।