newsnextone.com | বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানৰ সমীপৰে বৈ যোৱা ধনশিৰি নৈত ডুব যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসনে৷ বৃহস্পতিবাৰে সংঘটিত এই খবৰে নগৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আন পাঁচজন বন্ধুৰ সৈতে গা ধুবলৈ গৈ ধনশিৰি নৈত ডুব যায় স্নাতক প্ৰথম ষন্মাসিকৰ ছাত্ৰ আনন্দ গুপ্তা৷ 

ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ স্থানীয় মাছমৰীয়াৰ দ্বাৰা সন্ধান অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মেধাবী ছাত্ৰজনক। বোকাজান প্ৰণৱ জুবলী মহাবিদ্যালয়ৰ ছাত্র আছিল আনন্দ গুপ্তা।