Home দেশনোট গণি গণি ভাগৰিল মেচিন! চাহু পৰিয়ালৰ হাতলৈ ক’ৰ পৰা আহিল ইমান নগদ ধন?

নোট গণি গণি ভাগৰিল মেচিন! চাহু পৰিয়ালৰ হাতলৈ ক’ৰ পৰা আহিল ইমান নগদ ধন?

by News Desk
A+A-
Reset
dhiraj-sahu

দেশৰ ভিতৰতে আয়কৰ অভিযানত নজিৰ সংখ্যক নগদ ধন উদ্ধাৰ হ’ল ওড়িশাত। এগৰাকী সুৰা ব্যৱসায়ীৰ দেশীয় সুৰাৰ কাৰখানাৰ লগতে ভিন্ন স্থানত আয়কৰ বিভাগে চলোৱা অভিযানত উদ্ধাৰ হোৱা নগদ ধনৰ পাহাৰে স্তম্ভিত কৰি তুলিছে সকলোকে। গণি গণি শেষ কৰিব নোৱাৰা নগদ ধনৰ হিচাব কৰিবলৈ আয়কৰ বিভাগক সময় লাগিল সম্পূৰ্ণ ৫টাকৈ দিন। অৱশেষত যেনিবা শেষ হয় এই ক’লা ধনৰ গণনা। দেওবাৰে নিশাৰ ভাগত আয়কৰ বিভাগৰ ৫০ জনীয়া বিষয়াৰ দলে যেতিয়া গণনা সম্পূৰ্ণ কৰে, সেই সময়ত কেৱল দেশীয় সুৰাৰ কাৰখানাটোৰ পৰাই উদ্ধাৰ হয় মুঠ ২৫ কোটি টকা। 

এই বৃহত্ কেলেংকাৰীৰ কাহিনী ওড়িশাৰ সুৰা ব্যৱসায়ী সঞ্জয় চাহুৰ। যোৱা বুধবাৰে ওড়িশাৰ বালাংগীৰ চহৰৰ সুদপড়াস্থিত সঞ্জয় চাহুৰ দেশীয় সুৰাৰ কাৰখানাত অভিযান আৰম্ভ কৰিছিল আয়কৰ বিভাগে। এই অভিযানকালত উদ্ধাৰ হোৱা নগদ ধনৰ গণনা সম্পূৰ্ণ হয় দেওবাৰে নিশা। কাৰখানাটোৰ পৰা আয়কৰ বিভাগে ২৮৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰাৰ উপৰিও তিতালগড়ৰ দুটা বেংকত সঞ্জয় চাহুৰ নামত থকা দুটা লকাৰৰ পৰা উদ্ধাৰ হয় বৃহত্ পৰিমাণৰ সোণৰ আ-অলংকাৰ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0