ঢেকীয়াজুলিঃ শ্বহীদ নগৰী ঢেকীয়াজুলিত স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদ ভগৎ সিঙৰ ৮৭ সংখ্যক মত্যু তিথি শুকুৰবাৰে পালন কৰা হয়৷ শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত ঢেকীয়াজুলিৰ ত্ৰিমুৰ্তি প্ৰেক্ষাগৃহত পালন কৰে৷
পুৱা ৮ বজাত পতাকা উত্তোলন কৰে মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আলী হাইদৰ খানে৷ পুৱা ৮.৩০ বজাত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সৎৰাম হাজৰিকাই৷