ডিজিটেল ডেক্সঃ ডুবাইৰ পৰা মাছকাটলৈ বলপূৰ্বকভাৱে লৈ যোৱা হায়দৰাবাদৰ এগৰাকী মহিলাক তাৰ পৰা উদ্ধাৰৰ বাবে মহিলাগৰাকীৰ কন্যাই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজক কাতৰ অনুৰোধ কৰিছে৷ মগিলাগৰাকীৰ কন্যাই সংবাদ প্ৰতিষ্ঠান এএনআইক কয়, মই তেলেংগানা চৰকাৰ আৰু সুষমা স্বৰাজক আৱেদন জনাইছো মোৰ মাক উদ্ধাৰ কৰক৷
২০ বছৰীয়া সিন্ধুৱে অভিযোগ কৰে যে, তেওঁৰ মাতৃক মাছকাটত কোম্পানীৰ মালিকে আতিশয্য চলাইছে৷ মালিকৰ অত্যাচাৰৰ বাবে মহিলাগৰাকীয়ে মধ্য প্ৰাচ্যৰ চহৰখনৰ গিৰ্জাসংলগ্ন এখন হোটেলৰ পৰা যোৱা ৪ জানুৱাৰীত পলাই ভাৰতীয় দূতাবাসত উপস্থিত হ’বলৈ সক্ষম হয়৷ কিন্তু তেওঁৰ মালিকৰ হাতত পাছপ’ৰ্টসহ সকলো নথি-পত্ৰ থকাত তেওঁ স্বদেশলৈ ওভতিব পৰা নাই৷